Moirabari College

ASSAMESE DEPARTMENT



Profile


থোৰতে মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগটো
১৯৮১ চনৰ ১৪ আগষ্টত মৰিগাঁও জিলাৰ উত্তৰ অংশত অঞ্চলটোৰ ৰাইজৰ দান বৰঙণিৰে স্থাপন হয় মৈৰাবাৰী মহাবিদ্যালয়৷ বংগীয় মূলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আবাসস্থলী মৈৰাবাৰীত স্থাপন হোৱা মৈৰাবাৰী মহাবিদ্যালয় স্থাপনৰ আৰম্ভণিৰ পৰা অসমীয়া বিভাগটো মুকলি কৰা হয়৷ তেতিয়া মৈৰাবাৰী মহাবিদ্যালয়ত ঘৰ-দুৱাৰ বুলিবলৈ তেনেকুৱা বিশেষ সুবিধা নাছিল৷ কেইখনমান টিনৰ চালিৰ তলত পাঠদান আৰম্ভ হৈছিল৷ বিভাগবোৰত শিক্ষকো তেনেদৰে নাছিল৷ দুই এগৰাকী শিক্ষকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত পাঠদান কৰি মহাবিদ্যালয়ত পাঠদানৰ গতি গতিময় কৰি তুলিছিল৷ তেতিয়া শিক্ষকসকলক মাননি ৰূপে ৩০০ (তিনিশ) টকা প্ৰদান কৰিছিল মহাবিদ্যালয় পৰিচালনা সমিতিয়ে৷ অসমীয়া বিভাগত তেতিয়া বিষয় শিক্ষয়িত্ৰী আছিল অঞ্জলি দেৱী৷ ১৯৮১ চনত প্ৰথম শিক্ষাবৰ্ষত মহাবিদ্যালয়ত মুঠতে ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল৷ উল্লেখযোগ্য যে বাধ্যতামূলক হিচাপে অধ্যয়ন কৰা অসমীয়া বিষয়টো কোনো এগৰাকী শিক্ষাৰ্থীয়ে অনুত্তীৰ্ণ হোৱা নাছিল৷ আকৌ এই প্ৰথম বৰ্ষটোতে এগৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মহাবিদ্যালয়ৰ মান বৃদ্ধি কৰিছিল৷ ১৯৮৩-৮৪ চনৰ পৰাহে গুৱাহাটী বিশ্ববিদ্যালয়ে কলা শাখাত প্ৰথম বাৰ্ষিকত ইংৰাজী, অসমীয়া, বাংলা, অৰ্থনীতি বিজ্ঞান, শিক্ষা, ৰাজনীতি বিজ্ঞান, গণিত, তৰ্ক বিজ্ঞান, সংস্কৃত, বুৰঞ্জী, আৰবীট আৰু ভূগোল বিষয়ত অনুমতি প্ৰদান কৰে৷ পৰৱৰ্তী সময়ত বহু বাধা-বিঘিনি অতিক্ৰম কৰি ১৯৯৩ চনত মহাবিদ্যালয়খনিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃতি আৰু অসম চৰকাৰৰ অনুমতি লাভ কৰে৷
১৯৮১ চনত স্থাপন হোৱা মৈৰাবাৰী মহাবিদ্যালয়ৰ অন্যতম বিভাগ অসমীয়া বিভাগত ১৯৯১ চনত বাধ্যতামূলক আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধীনত অসমীয়া বিভাগটো আছে অতিৰিক্ত হিচাপে আৰু ঐচ্ছিক অসমীয়া বিভাগটো খোলা হয়৷ ইয়াৰ পৰৱৰ্তী ১৯৯২ চনত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খনিয়ে অসমীয়া বিষয়টোক গুৰু পাঠ্যক্ৰম [Major] আৰম্ভ কৰে৷ প্ৰথম পাঁচজন ছাত্ৰ-ছাত্ৰীৰে পাঠদান আৰম্ভ হোৱা কেইগৰাকীয়ে অতি সুন্দৰকৈ উত্তীৰ্ণ হৈ বিভাগটোলৈ আৰু সামগ্ৰিক ৰূপত মৈৰাবাৰী মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে। ইফালে বাধ্যতামূলক আৰু ঐচ্ছিক অসমীয়া বিষয়তো ছাত্ৰ-ছাত্ৰীসকলে অতি সুন্দৰ ফলাফল প্ৰদৰ্শন কৰে৷ প্ৰথম অৱস্থাত ২ + ১ ৰ তাৰ পৰৱৰ্তী ১ + ১ + ১ পিছত ছেমিষ্টাৰ বা ষান্মাসিক আৰু বৰ্তমান নতুন ৰূপত নতুন শিক্ষানীতিৰ অধীনত মহাবিদ্যালয়ৰ অসমীয়া বিভাগত পাঠদান কাৰ্য চলি আছে৷ বিভাগটোত চাৰিগৰাকী পূৰ্ণকালীন অধ্যাপক [চৰকাৰী অনুমোদিত পদত] আৰু এগৰাকী তদাৰ্থভিত্তিত অধ্যাপিকাই বিভাগটোত সেৱা আগবঢ়াই আছে৷ ইতিমধ্যে দুগৰাকী অধ্যাপক ক্ৰমে দীনেশ চন্দ্ৰ নাথ আৰু জাহানাৰা বেগমে অৱসৰ গ্ৰহণ কৰে৷ সম্প্ৰতি ড॰ অংশুমান দাস [বিভাগীয় প্ৰধান তথা সহযোগী অধ্যাপক], ড॰ আব্দুল মান্নান আহমেদ [সহকাৰী অধ্যাপক], ড॰ পূৰবী কলিতা [সহকাৰী অধ্যাপক], শাৰমিন আৰা ৰহমান [সহকাৰী অধ্যাপক] আৰু আবিদা চুলতানা [সহকাৰী অধ্যাপক] ই শিক্ষা প্ৰদান কৰি আছে।মহাবিব্যালয়খনত অধ্যয়নৰত মুঠ শিক্ষাৰ্থীৰ ৯০% শিক্ষাৰ্থীয়ে অসমীয়া বিষয়টোক নিৰ্দ্দিষ্ট বিষয় হিচাপে লৈ অধ্যয়ন কৰি আছে৷ প্ৰথম ষান্মাসিকৰ পৰা আৰম্ভ কৰি চূড়ান্ত ষান্মাসিকলৈ প্ৰায় ১২০ গৰাকী শিক্ষাৰ্থীয়ে অসমীয়া বিষয়টোক প্ৰধান হিচাপে লৈ অৰ্থাৎ সন্মান পাঠ্যক্ৰমৰ অধীনত অধ্যয়ন কৰি আছে৷
মহাবিদ্যালয়খনিৰ অসমীয়া বিভাগটোৰ আছে এক ঐতিহ্য আৰু সমৃদ্ধিশালী ইতিহাস৷ এই বিভাগটোয়ে ২০১৭ চনত গুৰু পাঠ্যক্ৰম খোলাৰ ২৫ বছৰ হোৱা উপলক্ষে বিভিন্ন বিদ্যায়তনিক কাৰ্য্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰে৷ ‘লালি’ শীৰ্ষক এখনি প্ৰায় ২০০ পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ, মৈৰাবাৰীৰ ইতিহাস সমৃদ্ধ ক্ষুদ্ৰ গ্ৰন্থ’ বিহঙ্গম দৃষ্টিত মোৰ ‘মৈৰাবাৰীখন’ আদি গ্ৰন্থৰ লগতে বিভাগীয় প্ৰধান ড৹ অংশুমান দাসৰ দ্বাৰা প্ৰণিত একক আৰু ভিন্ন নামৰ গ্ৰন্থ উন্মোচন কৰা হয়৷ এই ৰূপালী জয়ন্তী উদযাপনত অসমৰ প্ৰখ্যাত লেখক-সাংবাদিক সকলক আমন্ত্ৰণ কৰি আনি বিভিন্ন বিদ্যায়তনিক আলোচনা চক্ৰত বক্তৃতা প্ৰদান কৰোৱা হয়৷ বিশেষকৈ অসমৰ ভাষাচাৰ্য্য অধ্যাপক ড॰ ৰমেশ পাঠকদেৱ,তিৱা লোকসংস্কৃতিবিদ মনেশ্বৰ দেউৰী, লোকসংস্কৃতি আৰু অসমীয়া জনগোষ্ঠীয় ভাষাৰ গৱেষক ড॰ উপেন ৰাভা হাকাচাম,অধ্যাপক প্ৰফুল্ল কুমাৰ নাথ, অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, সাংবাদিক প্ৰকাশ মহন্ত, আদিসকলক আনি বিদ্যায়তনিক তথা অসমৰ সমাজ-সংস্কৃতি, অৰ্থনীতি-সাহিত্য বিষয়ক এলানি বক্তৃতা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি সমগ্ৰ মহাবিদ্যালয় তথা অঞ্চলটোতে এটি বৌদ্ধিক বাতাবৰণ সৃষ্টি কৰা হয়৷ এই অসমীয়া বিভাগটো আকৌ ২০০৯ চনত ‘‘অসমৰ সমাজ-সংস্কৃতি’’ শীৰ্ষক বিশ্ববিদ্যালয় অনুদান আয়োগৰ অৰ্থ সাহাৰ্য্যত ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ পাতি বিভাগটোৰ কৰ্ম দক্ষতাৰ পৰিচয় দিছে৷ ইতিমধ্যে বিভাগটোৰ পৰা গুৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনেকবোৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰি বিভিন্ন মহাবিদ্যালয়, বিদ্যালয় আদিত কৰ্মৰত হৈ বিভাগটোৰ শ্ৰীবৃদ্ধিত বৰঙণি যোগাইছে।।বিভাগীয় অধ্যাপক ড॰ অংশুমান দাসৰ তত্ত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত দুগৰাকী কলেজ শিক্ষকে Ph.D ডিগ্ৰী পাবলৈ সমৰ্থ হৈছে৷ বিভাগীয় অধ্যাপক ড॰ দাসৰ কেইবাখনো গ্ৰন্থই বিশেষকৈ অসমৰ উৎসৱ পাৰ্বন বুটলি, অসমৰ জনগোষ্ঠীয় উৎসৱ পাৰ্বন [সম্পা.] অসমৰ বাৰেবৰণীয়া সংস্কৃতি [সম্পা.] অসমৰ জনগোষ্ঠীয় লোক-চিকিৎসা [সম্পা.] আদি গ্ৰন্থই সাধাৰণ পঢ়ুৱৈ আৰু গৱেষক-শিক্ষাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে৷ এই গ্ৰন্থসমূহৰ কেইবাটাও সংস্কৰণ প্ৰকাশ পাইছে৷
মৈৰাবাৰী মহাবিদ্যালয়ৰ গুৰু পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক বিভিন্ন ঠাইলৈ যেনে-মধুপুৰ সত্ৰ, আলিপুখুৰী সত্ৰ, চৰ-চাপৰি, জোনবিল মেলা, বৰদোৱা সত্ৰ আদিলৈ নি ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰা জ্ঞান প্ৰদান কৰা হৈছে৷ বিভাগীয় আলোচনা চক্ৰত অংশ গ্ৰহনে শিক্ষাৰ্থীসকলৰ যোগ্যতাৰ পৰিচয় দিবলৈ সক্ষম কৰি তুলিছে৷ আলোচনা চক্ৰৰ লগতে কুইজ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, প্ৰাচীৰ পত্ৰিকা আদিৰ প্ৰকাশেৰে বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক আৰু বৌদ্ধিক ভাবে জাগ্ৰত কৰি তোলা হৈছে৷
এনেদৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে অঞ্চলটোৰ ভাষা-সংস্কৃতিৰ বিকাশ আৰু সমৃদ্ধিতো অলপ-অচৰপ হ’লেও অৰিহণা যোগাবলৈ সক্ষম হৈছে৷ প্ৰকৃততে এয়াই বিভাগীয় আনন্দ৷
জয়তু মৈৰাবাৰী মহাবিদ্যালয়।
জয়তু অসমীয়া বিভাগ।